Local, Vocal, Global

শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৩ জুলাই : শুকুৰবাৰে নিশা অসমৰ কাছাৰ জিলাৰ অন্তৰ্গত শিলচৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায়।

শিলচৰৰ বৰখোলাত দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ভয়ংকৰ জুইয়ে এটা ঘৰ সম্পূৰ্ণৰূপে আগুৰি ধৰিছিল। অৱশ্যে বৰ্তমান সময়লৈকে জুইলগাৰ কাৰণ জানিব পৰা হোৱা নাই।

ভয়ংকৰ অগ্নিকাণ্ডত লাখ লাখ টকাৰ সম্পত্তি ধ্বংস হোৱাৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰও জ্বলি ছাই হৈ গৈছিল।

মৃত মহিলাগৰাকীক সনাতাম্বি বিবি কাজী (৫২) বুলি চিনাক্ত কৰা হৈছে আনহাতে অঞ্চলটোৰ স্থানীয়লোকৰ তৎপৰতাত উদ্ধাৰ হয় জলিলা বিবি কাজী (৭৫) নামৰ আন এগৰাকী মহিলা।