গুৱাহাটীত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা

নিউজ ডেস্ক, ২৩ জুলাই : শনিবাৰে গুৱাহাটীত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। ভয়াৱহ অগ্নিকাণ্ডত দুটা শিশুসহ প্ৰায় সাতজন লোক জ্বলি যায়।
বাতৰি অনুসৰি, গুৱাহাটীৰ ৰিহেবাৰী এলেকাৰ Bilparত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ।
ইফালে, ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীসমূহ। খবৰ অনুসৰি উদ্ধাৰ অভিযান এতিয়াও চলি আছে।
আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে।
চিকিৎসাধীন হৈ থকা লোকসকলক সোমা দাস (৫৩), শংকৰ মল্লিক (৫৬), মুকুল মনি দাস (৫৪), সঞ্জয় কাৰ (৪৬), মনজিৎ কাৰ (১০), অমৰজিৎ দাস (১৫) আৰু সঞ্জয় মালাকাৰ (৪৩) বুলি চিনাক্ত কৰা হৈছে।
GMCHৰ চিকিৎসকসকলে জনাইছে যে মনজিৎ কাৰ নামৰ শিশুটো ৬৫-৭০ শতাংশ জ্বলি গৈছে আৰু অমৰজিৎ দাস নামৰ শিশুটো প্ৰায় ৭০-৭৫ শতাংশ জ্বলি গৈছে।