অসম ফিচাৰি Development Corporationৰ নিযুক্তি কেলেংকাৰীকলৈ সৰব মন্ত্ৰী পৰিমল শুক্লবৈদ্য

নিউজ ডেস্ক, ২৩ জুলাই : সম্প্ৰতি অসম ফিচাৰি Development Corporationৰ নিযুক্তি কেলেংকাৰীকলৈে সৰব হৈ পৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য । অহা ২৮ জুলাইৰ ভিতৰত জাননীৰ উত্তৰ দিব নোৱাৰিলে চাকৰিৰ পৰা বৰখাস্ত কৰা হব AFDCৰ ২১৭ গৰাকী কৰ্মীক ।
শনিবাৰে হাইলাকান্দিত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্হিত হৈ সংবাদ মাধ্যমৰ আগতে এই মন্তব্য কৰে ৰাজ্যৰ পৰিবহন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয় ।
তেওঁৰ মন্তব্য, অসম ফিচাৰি Development Corporationএ সুকীয়া ভাৱে কাৰ্য সম্পাদন কৰি আহিলেও এয়া মীন বিভাগৰ অধীনত পৰে । ৰাজ্য চৰকাৰে ইতিমধ্যে এই কৰপৰেছনৰ ভিতৰত হোৱা নিযুক্তিৰ তদন্ত কৰাৰ বাবে ৰাজ্যৰ মূখ্য সচিবৰ নেতৃত্বত এটা ৪ জনিয়া কমিটি গঠন কৰি দিছিল । আৰু এই কমিটিয়ে দিয়া তদন্ত ৰিপোৰ্ট অনুসৰি ২২০ খন নিযুক্তিৰ ভিতৰতে ২১৭ খন ভূৱা ।
ইতিমধ্যে অসম ফিচাৰি Development Corporationৰ এই ২১৭ গৰাকী অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মীক জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে । আৰু অহা ২৮ জুলাইৰ ভিতৰতে জাননীৰ উত্তৰ দিব নোৱাৰিলে এই সকলক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ লগতে এই সকলক অবৈধ ভাৱে নিযুক্তি দিয়া ব্যক্তি সকলৰ বিৰুদ্ধেও ব্যৱস্হা লোৱা হ'[ব বুলি ঘোষনা কৰে মন্ত্ৰী শুক্লবৈদ্যই।