Local, Vocal, Global

ঘোষণা হ’ল ২০২২ বৰ্ষৰ CBSCৰ ফলাফল

নিউজ ডেস্ক, ২২ জুলাই : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSC) শুকুৰবাৰে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । আৰু এই বৰ্ষৰ সামগ্ৰিক উত্তীৰ্ণৰ শতাংশ ৯৪.৪০।

দশম শ্ৰেণীৰ ফলাফলত ৯৯.৬৮ শতাংশৰ সৈতে সৰ্বশ্ৰেষ্ঠ উত্তীৰ্ণৰ শতাংশত আছে ত্ৰিবান্দ্ৰম অঞ্চলৰ শিক্ষাৰ্থীসকল, আৰু তাৰ পিছত বেংগালুৰুত ৯৯.২২ শতাংশ, চেন্নাইত ৯৮.৯৭ শতাংশ, আজমেৰে ৯৮.১৪ শতাংশ আৰু পাটনাত ৯৭.৬৫ শতাংশ উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে, ৮২.২৩ শতাংশৰ সৈতে গুৱাহাটী তালিকাৰ তলত আছে।

দশম শ্ৰেণীৰ পৰীক্ষাত, ল’ৰাবোৰে সামগ্ৰিক উত্তীৰ্ণৰ শতাংশ ৯৩.৮০ শতাংশ লাভ কৰিছিল, আনহাতে ছোৱালীবোৰে তেওঁলোকক ৯৫.২১ শতাংশৰ সৈতে পৰাজিত কৰিছিল।

CBSCৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ২০৯৩৯৭৮ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ১৯৭৬৬৬৮ জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

৬৪৯০৮ ৰো অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে, আনহাতে ২৩৬৯৯৩ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত লাভ কৰিছে।

পৰীক্ষাৰ্থীসকলে ৰিজাল্টসমূহ তলত উল্লেখ কৰা ৱেবচাইট কেইটাৰ জৰিয়তেও চাব পাৰিব

https://cbseresults.nic.in/class-tenth/class10th22.htm

https://cbseresults.nic.in/

http://results.cbse.nic.in/

উল্লেখ্য যে, আজি পুৱা CBSC, ব’ৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলও ঘোষণা কৰিছিল।