Local, Vocal, Global

অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাছত এইবাৰ শেন চকু মীন উন্নয়ন নিগমত

নিউজ ডেস্ক, ২০ জুলাই : অবৈধভাবে চাকৰি লোৱাবোৰৰ বিৰুদ্ধে ক্ৰমাত অধিক সৰৱ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসনৰ লোক।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাছত এইবাৰ শেন চকু মীন উন্নয়ন নিগমত।

মীন নিগমত অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীলৈ শ্ব’কজ জাৰিৰ সম্ভাৱনা।

মীন নিগমৰ MDএ কৰ্মচাৰীসকললৈ জাৰি কৰিব শ্ব’কজ আৰু শ্ব’কজৰ পাছতেই বৰ্খাস্ত হ’ব পাৰে ২১৭ গৰাকী কৰ্মচাৰী।

উল্লেখ্য যে, পূৰ্বৰ একাংশ আমোলা-বিষয়াৰ পৃষ্ঠপোষকতাত বহু লোকে লাভ কৰিছিল চাকৰি। উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনত ধৰা পৰিছে নিগমৰ জালিয়াতি। কোনো বিজ্ঞাপন, সাক্ষাৎকাৰ অবিহনে দিয়া হৈছিল নিযুক্তি।পূৰ্বৰ দুগৰাকী পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হ’ব ব্যৱস্থা।