যুটীয়া বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাৰ মনোনয়ন পত্ৰ দাখিল
নিউজ ডেস্ক, ১৯ জুলাই : উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যুটীয়া বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাই মঙলবাৰে তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে।
মনোনয়ন দাখিলৰ সময়ত আলভাৰ সৈতে বিভিন্ন দলৰ কেইবাজনো নেতা উপস্থিত আছিল। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, NCPৰ শৰদ পাৱাৰ, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেইবাজনো বিৰোধী নেতা তেওঁৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল।
মনোনয়ন দাখিলৰ সময়ত শিৱসেনাৰ সঞ্জয় ৰাউত, সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, DMKৰ তিৰুচি শিৱ, CPI-Mৰ সীতাৰাম য়েচুৰী, CPIৰ ডি ৰাজা আৰু MDMKৰ ভাইকো উপস্থিত আছিল।
ইফালে, মাৰ্গাৰেট আলভাই টুইটাৰযোগে বিৰোধী দলৰ সকলো নেতাক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লিখিছিল, “মই বিৰোধী দলৰ সকলো নেতাৰ প্ৰতি কৃতজ্ঞ যিসকলে উপ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ সময়ত মোৰ সৈতে একত্ৰিত হৈ থিয় দিছিল। মই ব্যক্তিগতভাৱে প্ৰতিটো বিৰোধী দলৰ ওচৰলৈ যাম, যিমানেই ডাঙৰ বা সৰু নহওঁক, এই নিৰ্বাচনৰ বাবে এক উমৈহতীয়া মৰ্চা গঢ়ি তুলিবলৈ।”
উল্লেখ্য যে, ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব আৰু গণনাও একেদিনাই অনুষ্ঠিত হ’ব।