Local, Vocal, Global

ৰাজ্যখনৰ প্ৰথম আৰু সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প উদ্বোধন

নিউজ ডেস্ক, ১৯ জুলাই : মঙলবাৰে ওদালগুৰি জিলাৰ লালপুলত ৰাজ্যখনৰ প্ৰথম আৰু সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই ।

ভাৰতৰ এক আগশাৰীৰ বহনক্ষম শক্তি সমাধান প্ৰদানকাৰী আৰু নৱীকৰণযোগ্য শক্তি উৎপাদক Azure Powerৰ দ্বাৰা  ‘Build, Own, Operate’ মডেলত অসম সৌৰ শক্তি নীতি, ২০১৭-ৰ অধীনত এই শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছিল।

আজুৰ পাৱাৰ এণ্ড আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (APDCL)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এক বিশেষ অনুষ্ঠানত ৯০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “২৫ মেগাৱাটৰ সৌৰ প্ৰকল্পটো সফলতাৰে স্থাপন কৰাৰ বাবে মই APDCL আৰু Azure Power Solar প্ৰশংসা কৰিছো। সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ দিশত আমাৰ যাত্ৰাত আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণ নিশ্চিত কৰিছো।”

এজুৰ পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হৰ্ষ শ্বাহে কয় যে প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত শক্তি দীৰ্ঘম্যাদী 25 বছৰীয়া PPA-ৰ অধীনত APDCLক যোগান ধৰা হ’ব।

প্ৰকল্পটো অসমৰ চাৰিখন জিলা, ওদালগুৰি, বকো, নগাঁও আৰু কাছাৰত বিয়পি পৰিছে।