ডিমা হাচাও জিলাত আত্মসমৰ্পণ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ ৩জনকৈ সক্ৰিয় কেডাৰৰ

নিউজ ডেস্ক, ১৭ জুলাই : অসমৰ ডিমা হাচাও জিলাত চলা পৃথক অভিযানত নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ তিনিজন সক্ৰিয় উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে।
শনিবাৰে আত্মসমৰ্পণ কৰা উগ্ৰপন্থীকেইজনৰ দুজন নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজতান্ত্ৰিক পৰিষদ-ইচাক মুইভা(NSCN-IM)ৰ অন্তৰ্ভুক্ত, আৰু আনজন কুকি ট্ৰাইবেলছ ইউনিয়নৰ (KTU)অন্তৰ্ভুক্ত সক্ৰিয় কেডাৰ বুলি জানিব পৰা গৈছে ।
টুইটাৰযোগে অসম ৰাইফলছে লিখিছে, “২০২২ চনৰ ১৬ জুলাইত Assam Riflesৰ হাফলং বেটেলিয়নে NSCN (IM)ৰ দুজন সক্ৰিয় কেডাৰ আৰু অসমৰ ডিমা হাচাও জিলাত KTUৰ এজন সক্ৰিয় কেডাৰক আত্মসমৰ্পণৰ সুবিধা প্ৰদান কৰে।”