উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী প্ৰাৰ্থীৰ নাম ঘোষণা

নিউজ ডেস্ক, ১৭ জুলাই : ৬ আগষ্টত অনুষ্ঠিত হʼবলগীয়া উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ঘোষণা হʼল বিৰোধী প্ৰাৰ্থীৰ নাম।
নতুন দিল্লীত অনুষ্ঠিত বিৰোধী দলসমূহৰ সৰ্বদলীয় বৈঠকৰ পিছত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (NCP) মুৰব্বী শৰদ পাৱাৰে ঘোষণা কৰে যে, বিৰোধীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেত্ৰী Margaret Alvaক মনোনীত কৰিছে।
শৰদ পাৱাৰে কয়, “আমি মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো। যোৱাবাৰ তেওঁলোকে আমাৰ যুটীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিছিল।”
তেওঁ লগতে কয় যে “এই সৰ্বসন্মত সিদ্ধান্তৰ বাবে বৰ্তমান ১৭ টা দল পৰিষদত আছে। আমাৰ সামূহিক চিন্তা ধাৰণ হৈছে আলভাই মঙলবাৰে VPৰ মনোনয়ন দাখিল কৰিব,” ।
শনিবাৰে, বিজেপিয়ে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখাৰক NDAৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।
উল্লেখ্য যে, ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব আৰু গণনাও একেদিনাই অনুষ্ঠিত হ’ব। মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ১৯ জুলাই।