Local, Vocal, Global

মণিপুৰৰ ভূমিস্খলনৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ আৰু এটা মৃতদেহ

নিউজ ডেক্স,১৭জুলাই : নিৰন্তৰ উদ্ধাৰ অভিযানৰ পিছত মণিপুৰৰ ট্ৰেজেডী স্থানৰ পৰা আজি উদ্ধাৰ কৰা হয় আৰু এটা শ্ৰমিকৰ মৃতদেহ।

ৰ্ইজাই নদীৰ পাৰত বোকাৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো মৰিগাঁৱৰ উপেন্দ্ৰ কোঁৱৰৰ বুলি চিনাক্ত কৰা হয়।

যোৱা ১৪ জুলাইত পৰিয়ালে আদ্য়শ্ৰাদ্ধ সম্পন্ন কৰিছিল উপেন্দ্ৰ কোঁৱৰৰ আৰু আজি ১৬ দিনৰ পিছত উদ্ধাৰ কৰা হয় কোঁৱৰৰ মৃতদেহটো।

উল্লেখযোগ্য় যে, মণিপুৰৰ টুপুলত কাম কৰিবলৈ গৈছিল মৰিগাঁৱৰ ভড়ালটুপ গাঁৱৰ উপেন্দ্ৰ কোঁৱৰ নামৰ লোকজন আৰু ভূমিস্খলনত আন বহুজনৰ লগতে জীৱন্তে সমাধিস্থ হৈছিল উপেন্দ্ৰ কোঁৱৰো।

আজি মৃতদেহটো বাসগৃহত অনাৰ লগে লগে ভড়ালটুপ গাঁৱত উপেন্দ্ৰ কোঁৱৰৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

এতিলৈকে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে মুঠ ৫৬ টাকৈ মৃতদেহ আৰু বৰ্তমানেও সন্ধান হৈ আছে আন ৬ গৰাকীকৈ লোক।