Local, Vocal, Global

চৰাইদেউ জিলাত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকৰ মৃত্যু

নিউজ ডেক্স,১৬জুলাই : সমগ্ৰ দেশতে ক’ৰোনা ভাইৰাছৰ ঘটনা উদ্বেগজনক ভাবে বৃদ্ধি পাইছে।

যোৱা 24 ঘণ্টাত, ক’ৰোনা ভাইৰাছৰ ২০,০৪৪ টা নতুন ঘটনা প্ৰতিবেদিত হৈছে। ৫৬ জন ক’ৰোনা সংক্ৰমিত লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৫,২৫,৬৬০ জন ক’ৰোনা সংক্ৰমিত লোকৰ মৃত্যু হৈছে।

ৰাজ্যৰ বহু কেইখন অঞ্চল এতিয়া ক’ভিডৰ চতুৰ্থ লহৰৰ কবলত। কভিড সংক্ৰমণৰ ফলত বহু কেইখন ৰাজ্যত বাধ্যতামূলক কৰা হৈছে মাক্স।

চৰাইদেউ জিলাত ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সোণাৰি আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক তথা চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত কৰ্মৰত মনোৰঞ্জন ফুকন (৫০) নামৰ এগৰাকী লোকৰ ক’ভিড১৯ত আক্ৰান্ত হৈ  কালি নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হয়।

উল্লেখযোগ্য যে , যোৱা ১৪ জুলাইত আৰক্ষী বিষয়াগৰাকী ক’ভিডত আক্ৰান্ত হৈছিল ।

কিন্তু কালি নিশা প্রায় ৮ বজাত চিকিৎসকে চিকিৎসাধীন অৱস্থাতে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হােৱা বুলি পৰিয়ালক জানিবলৈ দিয়ে।

পত্নী আৰু এটি সন্তানক এই সংসাৰত এৰি থৈ যোৱা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত সমগ্র চৰাইদেউ (Charaideo) জিলাত শোকৰ ছাঁ পৰিছে।

আনহাতে চৰাইদেউ জিলাত ক’ভিডৰ চতুৰ্থ লহৰত ২৪ জন লোক আক্ৰান্ত হোৱাৰ কথা স্পষ্ট কৰিছে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে।