গুৱাহাটী ৰেল ষ্টেচনত জব্দ ৮২২ গ্ৰাম সোণ

নিউজ ডেক্স, ১৪ জুলাই : শুক্ৰবাৰে ৰাতিপুৱা গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হয় বৃহৎ পৰিমাণৰ সোণ ।
খবৰ অনুসৰি, সোণখিনি গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ।
উল্লেখযোগ্য যে ম্যানমাৰৰ পৰা অৰুণাচল হৈ লৈ আহিছিল সোণখিনি আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ বাছযোগে সৰবৰাহ কৰা হৈছিল প্ৰায় ৮২২ গ্ৰাম সোণ।
আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰে’লখনত D5 ডবাত জব্দ কৰে সোণখিনি। সৰবৰাহকাৰীজনে সোণখিনি কঁকালৰ বেল্টৰ তলত লুকুৱাই আনিছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশাল সুখদেও নামৰ সৰবৰাকাৰীটোক। সোণখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা ।