Local, Vocal, Global

চামগুৰিৰ বৰমাত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ৪ জুন : চামগুৰিৰ বৰমাৰ দৈনিক বজাৰত দেওবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

বিধ্বংসী অগ্নিকাণ্ডত চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি সাধন হোৱাৰ আশংকা কৰিছে ৰাইজে।

খবৰ অনুসৰি, এখন হোটেলত ব্যঞ্জন ৰান্ধি থকাৰ অৱস্থাত এটা গেছ চিলিণ্ডাৰ পৰা অগ্নিৰ সুত্ৰপাত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলি পাওঁতে পলম হোৱাকলৈ স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে।
অৱশেষত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম।