হিমাচল প্ৰদেশৰ Kulluত ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেক্স,৪ জুলাই : সোমবাৰে পুৱা প্ৰায় ৮:৩০ বজাত হিমাচল প্ৰদেশৰ Kulluত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
কুল্লুত শইনশৰৰ পৰা Sainj অভিমুখে অহা ব্যক্তিগত এখন বাছ জংলা গাঁৱৰ ওচৰত ৰাস্তাৰ পৰা খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত এই পৰ্যন্ত ১৬ জন লোকৰ মৃত্যু । আৰু ৩০ জনৰো অধিক লোক আহত হৈছে।
তথ্য অনুসৰি, বাছখনত ৩৫ ৰ পৰা ৪০ জন লোক আছিল। দুৰ্ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান চলি আছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
কুল্লুৰ উপায়ুক্ত (DC) আশুতোষ গাৰ্গে জনাইছে যে চাইঞ্জঅভিমুখে যোৱা বাছখন পুৱা প্ৰায় ৮:৩০ বজাত জংলা গাঁৱৰ ওচৰত খাদত পৰিছিল। জিলা বিষয়া আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে, তেওঁ কয় যে আহতসকলক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।