Local, Vocal, Global

কাছাৰত Encounter

নিউজ ডেস্ক, ৩ জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে এনকাউন্টাৰৰ ঘটনা ।

শনিবাৰে নিশা অসমৰ কাছাৰ জিলাত আৰক্ষীয়ে দুজন কুখ্যাত ডকাইতক গুলীয়াই হত্যা কৰে।

খবৰ অনুসৰি, আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ বাবে ডকাইত দুজনলৈ গুলীচালনা কৰিছিল আৰু তেওঁলোক দুয়োজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল।

নিহত ডকাইত দুজন কাছাৰৰ সোনাই চৈদপুৰ আৰু সোনাই কৃষ্ণপুৰৰ বাসিন্দা কামৰুল ইছলাম আৰু আমৰুল হুছেইন বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখযোগ্য যে, আৰক্ষীয়ে কেইবাটাও অপৰাধত জড়িত থকাৰ বাবে কেইদিনমান আগতে জ্যোতিৰপৰা দুয়োকে গ্ৰেপ্তাৰ কৰিছিল।