Local, Vocal, Global

নগাঁৱত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

নিউজ ডেস্ক, ২ জুলাই : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰ গাঁৱত মৰণফাণ্ড বিদ্যুৎ বিভাগৰ ।

খবৰ অনুসৰি, জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত নসত্ৰ গাঁৱত দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকা এটা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগৰ লোকক অভিযোগ দি আহিছিল।

কিন্তু কোনো কানসাৰ দিয়া নাছিল বিদ্যুৎ বিভাগে।

যাৰ ফলত আজি পুৱা উন্মুক্ত হৈ থকা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰটোত বিদ্যুৎপৃষ্ট হৈ এজনী গাভিনী গাইৰ মৃত্যু হয়। আনহাতে, ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে গাই জনীৰ গৃহস্থ ক্ষিতি মেধিৰ।

তাৰ পাছতে ঘটনা সংঘটিত হোৱা স্থানত স্থানীয় ৰাইজ গোট খাই প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত ৰাইজে দৰিদ্ৰ কৃষক ক্ষিতি মেধিক কতৃপক্ষই উপযুক্ত ক্ষতিপূৰণ নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে।