প্ৰেমিকক বিচাৰি প্ৰেমিকা উপস্থিত আৰক্ষী চকীত
নিউজ ডেস্ক, ১ জুন : প্ৰথমতে Shaddi.comত চিনাকি হৈছিল দুয়ো। তাৰ পিছত দুয়োৰে কথা বতৰা আৰম্ভ হ’ল ।
কথা বতৰা আৰম্ভ হোৱাৰ পিছত এদিন বিয়া পতাৰ প্ৰস্তাৱ দিছিল প্ৰেমিকে।
নিজকে OILৰ ইঞ্জিনিয়াৰ পংকজ বৰুৱা বুলি চিনাকি দিয়া প্ৰেমিকৰ তাৰ পিছৰে পৰা আৰম্ভ হৈছিল লুন্ঠন কাৰ্য্য।
এদিন ইটো এদিন সিটো কৰি বিভিন্ন অজুহাত দেখুৱাই যুৱতীৰ পৰা প্ৰেমিকে লুটিলে ৭ লাখতকৈ অধিক টকা।
তাৰ পিছৰে পৰা যুৱতীগৰাকীয়ে যুৱকজনক বিচাৰি হাবাথুৰি খাই ফুৰিছে। কিছুদিনৰ আগতে বশিষ্ঠ আৰক্ষী থানাত ষুৱকজনৰ বিৰুদ্ধে এজাহাৰ দিছিল যদিও একো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ যুৱতী গৰাকীৰ।
যুৱতীগৰাকীৰ মন্তব্য, তেওঁ স্কুটীত এখন দা লৈ ফুৰে আৰু যুৱকজনক য’তে লগ পাব তাতে কাটিব ।
যুৱতী গৰাকীক চাকৰি দিয়া, স্কুটী কিনা, ফ্লেট লোৱা ইত্যাদি বিভিন্ন কাৰণ দেখুৱাই যুৱতীগৰাকীৰ পৰা লুটিলে প্ৰায় ৭ লাখতকৈ অধিক টকা।