Local, Vocal, Global

Bargangত আৰক্ষীৰ জালত শিশু সৰবৰাহকাৰী

নিউজ ডেক্স,৩০জুন : বিহালীৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে অপহৰণৰ দৰে ঘটনাৰ। বিগত ১১ জুন তাৰিখে বিহালী সমষ্টিৰ বৰগাঙৰ ইটাভাটা লাইনৰ পৰা নিখোজ হৈছিল দুটি কিশোৰ।

ইয়াৰে এগৰাকীক আৰক্ষীয়ে যোৱা ২২ জুন তাৰিখে পলাই অহাৰ অৱস্থাত উদ্ধাৰ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁৰ ভাষ্য অনুসৰি নিখোজ হোৱা আনজন কিশোৰক অৰুণাচল প্ৰদেশৰ মৌচিন গাঁৱৰ পৰা উদ্ধাৰ কৰে।

আনহাতে, দুয়োগৰাকী কিশোৰক উদ্ধাৰ কৰি তেওঁলোকৰ ভাষ্য অনুসৰি বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে’য়ে অভিযান চলাই শোণিতপুৰৰ মিছন চাৰিআলিৰ পৰা মহম্মদ ৰিতুল আলী নামৰ ব্যক্তি জনক আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি শিশু সৰবৰাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা AS 12 AC 3634 নম্বৰৰ বলেৰ’ বাহনখন জব্দ কৰে। ইফালে অভিযুক্ত ৰিতুলক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ললৈ প্ৰেৰণ কৰে।