Local, Vocal, Global

Noney জিলাৰ Territorial আৰ্মি কেম্পত ভূমিস্খলন

নিউজ ডেস্ক, ৩০ জুন : বৃহস্পতিবাৰে ননি জিলাৰ টুপুল ৰে’ল ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ নম্বৰ Territorial আৰ্মীৰ কেম্পত এক বৃহৎ ভূমিস্খলন সংঘটিত হৈছে।

ANIয়ে বিষয়াসকলৰ উদ্ধৃতি দি কয় যে “মুঠ ১৩ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে। আঘাতপ্ৰাপ্ত ব্যক্তিসকলক ননি আৰ্মি মেডিকেল ইউনিটত চিকিৎসা কৰা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰ্মচাৰীসকলক স্থানান্তৰ কৰাৰ কাম চলি আছে,” ।

টুইটাৰযোগে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে তেওঁ আজি টুপুলত ভূমিস্খলনৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে।

সম্প্ৰতি, ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ দ্বাৰা উদ্ধাৰ অভিযান চলি আছে।

উল্লেখযেগ্য যে, বুধবাৰে মাজনিশা জিৰিবামৰ পৰা ইম্ফললৈ নিৰ্মাণাধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে মণিপুৰৰ নুনি জিলাৰ টুপুল ৰে’ল ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ অৱস্থানত এক বৃহৎ ভূমিস্খলন সংঘটিত হৈছিল।

আনহাতে, নতুন ভূমিস্খলন আৰু বেয়া বতৰৰ ফলত উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হৈছে, অৱশ্যে সন্ধানহীন ব্যক্তিসকলক উদ্ধাৰ ৰখাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলি আছে। আৰু সেনাৰ হেলিকপ্টাৰবোৰ বতৰ পৰিষ্কাৰ হোৱালৈ অপেক্ষা কৰি আছে।