পুনৰ জীৱিকা সন্ধানত বহিঃ ৰাজ্যলৈ যোৱা যুৱকৰ মৃত্যু
নিউজ ডেস্ক, ৩০ জুন : পঞ্জাৱত এক শোকাৱহ ঘটনাত জীৱিকা সন্ধানত বহিঃ ৰাজ্যলৈ যোৱা অসমৰ এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, শিৱসাগৰ জিলাৰ আমগুৰিৰ লালিম চিগা অঞ্চলৰ বাসিন্দা অবিনাশ গগৈ নামৰ যুৱকজন যোৱা বছৰৰ ডিচেম্বৰৰ পৰা অমৃতসৰৰ হোণ্ডা এএছআৰ নামৰ এটা ব্যক্তিগত সংস্থাত কাম কৰি আছিল।
আৰু কৰ্মৰত অৱস্থাতে বৈদ্যুতিক শ্বকৰ ফলত অবিনাশ গগৈ নামৰ যুৱকজনে মৃত্যুবৰণ কৰে।
পৰৱৰ্তী সময়ত যুৱকজনৰ মৃতদেহ তেওঁৰ জন্মভূমি গাওঁলৈ অনা হয় আৰু টাই বুঢ়া ৰীতি অনুসৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।