Local, Vocal, Global

তালিবানী কায়দাৰে হত্যা নুপুৰ শৰ্মাৰ সমৰ্থন কৰা এজন দৰ্জীক

নিউজ ডেক্স, ২৯জুন : সমগ্ৰ দেশক এক ভয়ংকৰ ঘটনাই কপাঁই তুলিছে।

নুপুৰ শৰ্মাৰ সমৰ্থন কৰা এগৰাকী দৰ্জীক দোকানৰ ভিতৰত সোমাই ঘপিয়াই ঘপিয়াই হত্যা কৰে । এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ উদয়পুৰত।

কাপোৰ চিলাবলৈ আহি ঘপিয়াই ঘপিয়াই হত্যা কৰিলে এজন দৰ্জীক।
কানহাইয়ালাল শ্বাহ নামৰ দৰ্জী জনে এসপ্তাহ পূৰ্বে নুপুৰ শৰ্মাক সমৰ্থন কৰিছিল। আৰু নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবেই দুই বৰ্বৰ যুৱকে তালিবানী কায়দাৰে দিঙি কাটি হত্যা কৰে দৰ্জী জনৰ আৰু হত্যাৰ পিছত ভিডিঅ বনাই চছিয়েল মিডিয়াত ভাইৰেল কৰে দুই উদণ্ড যুবকে।
নৃশংসতাৰে হত্যাৰ পিছত ভিডিঅ যোগে দায়িত্ব স্বীকাৰ কৰে দুই যুৱকে।
কিছু দিন পূৰ্বে নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যই সমগ্ৰ দেশত তোলপাৰ লগাইছিল । নুপুৰ শৰ্মাৰ বিৰোধীতা কৰি বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল বহুতে নুপুৰ শৰ্মাক মৃত্যু দণ্ড দিয়াৰ কথাও কৈছিল।

সমগ্ৰ দেশত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ মাজতেই বহু জনে নুপুৰ শৰ্মাৰ সমৰ্থনও কৰিছিল। কিন্ত এটা নৃশংস ঘটনাই তোলপাৰ লগাইছে এতিয়া সমগ্ৰ দেশত।
এই ভয়ংকৰ ঘটনাই কপাঁই তুলিছে সমগ্ৰ দেশকে চিন্তিত কৰি তুলিছে সকলোকে। এই ঘটনাৰ পাছতেই চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ দেশত। জ্বলি উঠিছে ৰাজস্থান এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উদয়পুৰত জাৰি কৰা হৈছে সান্ধ্য আইন। ২৪ ঘন্টাৰ বাবে ৰাজস্থানত ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে । উদয়পুৰত নিয়োগ কৰা হৈছে ৬০০ আৰক্ষী জোৱান।

আৰক্ষীৰ হাই এক্সন ৫ ঘন্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ হত্যাকাণ্ড সংঘটিত কৰা দুই জেহাদিক। উদয়পুৰৰ সমীপৱৰ্তী ৰাজচমন্দৰ পৰা গ্ৰেপ্তাৰ দুই হত্যাকাৰীক। এটাৰ নাম ৰিয়াজ আটাৰী আনটোৰ নাম গছ মহম্মদ। উল্লেখযোগ্য যে বন্ধুৰ ঘৰত আত্মগোপন কৰি আছিল দুই হত্যাকাৰীক।