পুনৰ চৰ্চাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় : গৰ্ভস্থ সন্তানসহ মহিলাৰ মৃত্যু
নিউজ ডেস্ক, ৩ জুন : সময়মতে অস্ত্ৰোপচাৰ কৰিব নোৱাৰাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ উঠিছে চিকিৎসা মহাবিদ্যালয়খনৰ বিৰুদ্ধে।
খবৰ অনুসৰি, গহপুৰৰ ৰঙাজুৰি গাঁৱৰ প্ৰাণে পাটগিৰীৰ গৰ্ভাৱতী পত্নী কন্যা পাটগিৰীক ৩১ মেৰ সন্ধিয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰিছিল। আৰু আজি মহিলাগৰাকীক চিজাৰিয়ানৰ বাবে অস্ত্ৰোপচাৰ কক্ষলৈ নিয়াৰ সময়ত বিদ্যুত সৰবৰাহ বন্ধ হৈ যায়। তাৰফলত মহিলাগৰাকীয়ে প্ৰসৱ যন্ত্ৰনাত ছটফটাই থাকি অৱশেষত মৃত্যুক সাৱতি লয়।
৩১ মেত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতো চিকিৎসকে সময়মতে চিজাৰিয়ানৰ ব্যৱস্থা নকৰাৰ বাবে মহিলাগৰাকীয়ে মৃত্যুক সাৱতি লব লগা হয়।
মৃত মহিলাগৰাকীৰ স্বামীয়ে উত্তৰ লখিমপুৰ সদৰ থানাত চিকিৎসা মহাবিদ্যালয় কৰ্তীপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । স্বামীৰ এজাহাৰৰ তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তই।