কোকৰাঝাৰ জিলাত নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ
নিউজ ডেস্ক, ৩০ মে’- সোমবাৰে অসমৰ কোকৰাঝাৰ জিলাত এগৰাকী নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
ধৰ্ষণৰ অভিযুক্তজন কোকৰাঝাৰৰ চালাকাটি বজাৰ মজিদপাৰাৰ বাসিন্দা আমিৰ হামজা বুলি চিনাক্ত কৰা হৈছে।
তথ্য অনুসৰি, অভিযুক্তজনে এখন জনজাতীয় গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল আৰু ধৰ্ষণ কৰিছিল বুলি জানিব পৰা গৈছে।
অভিযুক্তজনে ঘটনাটোৰ ছবি তুলিছিল আৰু পাছত ফটোবোৰ ভাইৰেল কৰিছিল।
অঞ্চলটোৰ আন আৱাসীসকলে ভাইৰেল ফটোবোৰ লক্ষ্য কৰাৰ পিছত আৰু ভুক্তভোগীৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহিছিল।
সম্প্ৰতি কোকৰাঝাৰ আৰক্ষী থানাত চাইবাৰ ক্ৰাইম আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO)আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান ঘটনা সন্দৰ্ভত অধিক জেৰা চলি আছে।