Local, Vocal, Global

চলচ্চিত্ৰৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ

নিউজ ডেস্ক, ২৮ মে’- চলচ্চিত্ৰৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ।

বহু সময়ত বহুজন তাৰকাৰ কাম-কাজে পেলোৱা নেতিবাচত প্ৰভাৱে বিষম পৰিণতিৰ সন্মুখীন কৰাইছে একাংশ লোকক।

শেহতীয়াকৈ দেশৰ চলচ্চিত্ৰ জগতত তোলপাৰ লগোৱা কেজিএফ চেপ্টাৰ-২ ছবিখনৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ।

হায়দৰাবাদৰ এজন ১৫ বছৰীয়া লৰাই KGFৰ ৰকি ভাইৰ দৰে ই চিগাৰেটৰ এটা সম্পূৰ্ণ পেকেট সেৱন কৰি হ’বলগীয়া হ’ল চিকিৎসাধীন ।

লৰাটোৱে দুদিনত তিনিবাৰ ‘কেজিএফ: অধ্যায় ২’ চাইছিল আৰু চিগাৰেটৰ সম্পূৰ্ণ পেকেট এটা খাই শেষ কৰিছিল তাৰ ফলস্বৰূপে, তেওঁৰ ডিঙিৰ তীব্ৰ বিষ আৰু কাহ হৈছিল। ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে হায়দৰাবাদৰ চেঞ্চুৰী হস্পিটেল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

২৮ মে, শনিবাৰে হায়দৰাবাদৰ চেঞ্চুৰী হস্পিটেলৰ চিকিৎসকসকলে ঘোষণা কৰে যে তেওঁলোকে কিশোৰজনক পৰামৰ্শ দিয়াৰ উপৰিও সফলতাৰে চিকিৎসা কৰিছে।

কেজিএফ: অধ্যায় ২’ প্ৰশান্ত নীলৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা হৈছিল। বোলছবিখন হোম্বেল ফিল্মছৰ বিজয় কিৰাগন্দুৰে বৃহৎ পৰিমাণে প্ৰযোজনা কৰিছিল। ছবিখনত যশ, সঞ্জয় দত্ত, ৰবীনা টণ্ডন আৰু শ্ৰীনিধি চেট্টীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।