Local, Vocal, Global

য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক বুধবাৰে দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

আইপিচিৰ ধাৰা ১২১ আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) ধাৰা ১৭ ৰ অধীনত আজীৱন কাৰাদণ্ড দিছে। আদালতে বিভিন্ন ধাৰাৰ অধীনত দোষীৰ ওপৰত ১০.৬৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ন্যায়ালয়ে। তিহাৰ কাৰাগাৰত য়াছিন মালিকক কটকটীয়া নিৰাপত্তাৰ অধীনত ৰখাৰ ব্যৱস্থা কৰিছে তিহাৰ কাৰাগাৰ প্ৰশাসনে।

য়াছিন মালিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৬ (সন্ত্ৰাসবাদী কাৰ্য), ১৭, (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি যোগান), ১৮ (সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ), আৰু ২০ (সন্ত্ৰাসবাদীৰ সদস্য হোৱা) ধাৰা আৰোপ কৰা হৈছিল। একেদৰে তেওঁৰ বিৰুদ্ধে ইউ.এ.পি.এ. ৰ ধাৰা ১২০,১২৪-ক (ৰাজদ্ৰোহ) আৰোপ কৰা হৈছে।

মালিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা, হিজবুল-মুজাহিদীন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু জৈছ-ই-মহম্মদ (জেইএম) ক সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে য়াছিন মালিকৰ শাস্তি ঘোষণা কৰাৰ পাছতেই বিষম পৰিস্থিতিৰ আশংকা কৰি শ্ৰীনগৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।