Local, Vocal, Global

জম্মু–কাশ্মীৰৰ বাৰামুলাত পুনৰ শ্বহীদ জোৱান

নিউজ ডেস্ক, ২৫ মে’- জম্মু–কাশ্মীৰৰ বাৰামুলাত পুনৰ পাকিস্তানী সন্ত্ৰাসবাদী সৈতে সেনাৰ সংঘৰ্ষ ।
সংঘৰ্ষত ৩টা পাকিস্তানী সন্ত্ৰাসবাদী নিহতহৈছে আৰু, এজন সোনাৰ জোৱান শ্বহীদ হৈছে।

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ক্ৰেৰী অঞ্চলৰ নাজিবাট ক্ৰছিংত বুধবাৰে হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে।

ই তথ্য সদৰি কৰিছে কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে লগতে কয়, “জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন জোৱানেও এই সংঘৰ্ষত শ্বহীদ হৈছে।”

বাতৰি অনুসৰি, আৰক্ষীয়ে কৈছিল যে ক্ৰেৰী অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি, সুৰক্ষা বাহিনীয়ে এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল যাৰ পাছত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলী চালনা কৰাৰ পিছত এনকাউণ্টাৰলৈ পৰিণত হৈছিল।

গোটেই অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু কোম্বিং কৰাৰ লগতে অনুসন্ধান অভিযান চলি আছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে জনাইছে যে ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

উল্লেখযোগ্য যে এই ঘটনাৰ পূৰ্বে মঙলবাৰে সন্ত্ৰাসবাদীয়ে কুলগাম জিলাৰ য়াৰীপোৰাত আৰক্ষী চকীত আক্ৰমণ কৰিছিল। সন্ত্ৰাসবাদীয়ে গ্ৰেনেডেৰ আক্ৰমণ কৰিছিল। আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ প্ৰত্যুত্তৰ দিছিল। ফলত তিনিজন নাগৰিক আহত হৈছিল। আনহাতে, শেহতীয়াকৈ শ্ৰীনগৰত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষীৰ লোকক হত্যা কৰিছিল।


কিছুদিন পূৰ্বে জম্মু–কাশ্মীৰ আৰক্ষীয়ে নিষিদ্ধঘোষিত সংগঠনৰ ৫ হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, ১৩ মে’ত জম্মু–কাশ্মীৰৰ বান্দীপোৰা জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল দুই লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদী।