২১ বছৰৰ পাছত অৱশেষত শাস্তি পালে অভিযুক্তই
নিউজ ডেস্ক, ২৪ মে’- আজিৰ পৰা ২১ বছৰ পূৰ্বে চিৰাংৰ বিজনীৰ বান্দুগুৰী গাঁৱত সংঘটিত হৈছিল এক ৰাজ্য কঁপোৱা হত্যাকাণ্ড।
২০০১ চনত বিজনী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোকক ডাইনী সন্দেহত হত্যা কৰিছিল ১২ দুৰ্বৃত্তই।
আৰু আজি ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২১ বছৰৰ পাছত অৱশেষত শাস্তি পালে অভিযুক্তই।
মঙলবাৰে বিজনী থানাৰ ১২০ নম্বৰ গোচৰৰ ভিত্তিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাদণ্ড দিলে হত্যাকাৰীক।
ডাইনী সন্দেহত হত্যা কৰা একে পৰিয়ালৰ তিনিজন লোক আছিল গাংগুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰী। ইয়াৰে গাংগুলী বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও আন দুজনৰ মৃতদেহ বৰ্তমানেও উদ্ধাৰ হোৱা নাই।
আনহাতে, বিজনী আদালতে দিয়া ৰায়দানত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিতসকল ক্ৰমে সমল বসুমতাৰী, গায়ো বসুমতাৰী, গেৰা বসুমতাৰী, হেব্ৰো বসুমতাৰী, জাবাতি বসুমতাৰী, থিৰেন বসুমতাৰী, সম্বাৰু বসুমতাৰী, গগণ বসুমতাৰী, আখু বসুমতাৰী, কেটেং বড়ো। ইতিমধ্যে মৃত্যু হোৱা দুজন ক্ৰমে বতেং বসুমতাৰী আৰু বুতৰ বসুমতাৰী।