মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাফলং ভ্ৰমণ
নিউজ ডেস্ক, ২৪ মে’- আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ডিমা হাচাওৰ জিলাৰ সদৰ হাফলং ভ্ৰমণ কৰে।
তেওঁ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বাগান অঞ্চলৰ এটা পথকে ধৰি ভূমিস্খলন অঞ্চলপৰিদৰ্শন কৰে।
বানপানীত পীড়ীতসকলৰ পৰিস্থিতিৰ বুজলৈ তেওঁ কয় যে পুনৰুদ্ধাৰৰ কাম সোনকালেই আৰম্ভ হব।
এএনআইৰ শেহতীয়া টুইটত কোৱা হৈছে, ‘অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই আজি ডিমা হাচাওৰ জিলা সদৰ হাফলং ভ্ৰমণ কৰে আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বাগান অঞ্চলৰ এটা পথকে ধৰি ভূমিস্খলন অঞ্চলপৰিদৰ্শন কৰে। আৰু তেওঁ কয় যে পুনৰুদ্ধাৰৰ কাম সোনকালেই আৰম্ভ হ’ব।’