Local, Vocal, Global

এ পি এছ চি কেলেংকাৰীৰ তদন্ত আয়োগৰ বিশেষ সাল-সলনি

নিউজ ডেস্ক, ২৩ মে’- ২০১৪ চনৰ এ পি এছ চি কেলেংকাৰীৰ তদন্ত চলি থকা সময়তে বিশেষ সাল-সলনি। বিপ্লৱ শৰ্মাক এ পি এছ চি কেলেংকাৰীৰ তদন্ত আয়োগৰ দায়িত্ব প্ৰদান কৰা হৈছে।

২০১৪ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিব বিপ্লৱ শৰ্মা আয়োগে। উল্লেখযোগ্য যে এই আয়োগে ৬ মাহৰ ভিতৰত তদন্ত কৰি প্রতিবেদন দাখিল কৰিব।

প্রাক্তন ন্যায়াধীশ শৰ্মাই ২০১৩ বৰ্ষৰো এ পি এছ চি নিযুক্তি বিসংগতিৰ তদন্ত কৰিছিল। প্রতিবেদনত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক তথ্য আছে ।