Local, Vocal, Global

নগাঁৱত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

নগাঁৱত কলঙৰ বাঢ়নী পানীয়ে ভাঙিলে শ্লুইচগেট। কলঙৰ বাঢ়নী পানীত ভাগি পৰিল পাত্ৰবৰি শ্লুইচগেট। শ্লুইচগেটৰ মাজৰ দুৱাৰখন ভাঙিলে বাঢ়নী পানীয়ে।

কলং নৈৰ বাঢ়নি পানীয়ে নগাঁও চহৰৰ বহু অঞ্চলত প্ৰৱেশ কৰাত চহৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০১৭ চনত কলিয়াবৰৰ হাতীমূৰা বান্ধ ছিঙাৰ সময়ত নগাঁও চহৰত বানপানী হোৱাৰ আশংকাৰ ৰাইজ ভীতিগ্ৰস্ত হৈছিল যদিও সেইবাৰ নগাঁও চহৰবাসী কলঙৰ বানৰ পৰা ৰক্ষা পৰিছিল।

কিন্তু এইবাৰ কলং নৈৰ বাঢ়নি পানীয়ে চহৰখনৰ ১৯নং ৱাৰ্ডৰ কেইবাটাও ঘৰ প্লাৱিত কৰিছে। পৰিয়াল কেইটাই পথৰ কাষতে আশ্ৰয় ল’ব লগা হোৱাৰ বাবে বন্ধ কৰা হৈছে বেবেজীয়া-হয়বৰগাঁও সংযোগী পথ। একেদৰে কলং নৈৰ বাঢ়নি পানীয়ে নগাঁৱৰ নেহেৰুবালি বুৰাই পেলোৱাৰ ফলত বন্ধ কৰা হৈছে হনুমান মেলা।