Local, Vocal, Global

প্ৰকৃতিয়ে ধ্বংস লীলা চলোৱা হাফলঙলৈ যাব ৰাজ্যৰ দুই মন্ত্ৰী

নিউজ ডেস্ক, ১৯ মে’-প্ৰকৃতিৰ ধ্বংস লীলাত প্ৰায় ধ্বংস হৈ পৰা হাফলংত জনসাধাৰণৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ বাবেও তাত বহু মানুহ আৱদ্ধ হৈ আছে।
তেনে সময়তে হিমন্ত বিশ্ব চৰকাৰৰ বিশেষ পদক্ষেপ।


মুখ্যমন্ত্রীৰ নিৰ্দেশত হাফলঙলৈ ৰাওনা হ’ব মন্ত্রী যোগেন মহন, বিমল বৰা।

হাফলঙত বায়ুসেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাব। শিলচৰ আৰু যোৰহাটলৈ অনা হ’ব উদ্ধাৰ কৰা লোকসকলক।

বায়ুসেনাৰ হেলিকপ্টাৰে ডিমা হাছাও জিলালৈ নিব খাদ্য সামগ্রী। ১২ মেট্রিক টন খাদ্য সামগ্রী নিব হেলিকপ্টাৰেৰে।