Local, Vocal, Global

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক, ১৯ মে’- মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ সময়তে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে পুনৰবাৰ সাধাৰণ ৰাইজক মাধমাৰ সোধাইছে।

বৃহস্পতিবাৰে ঘৰুৱা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৩-৫০ টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮ টকা বৃদ্ধি কৰা হৈছে ।

এইদৰে পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দেশত ৰন্ধন গেছৰ মূল্য ১০০৫ টকা হৈছেগৈ।

উল্লেখ্যে যে যিসময়ত দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যই জনসাধাৰণক বিপদত পেলাইছে তেনে সময়তে পুনৰ এইদৰে মূল্য বৃদ্ধি কৰা বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সকলোৱে চৰকাৰৰ এনে সিদ্ধান্তক মুকলিকৈয়ে ধিক্কাৰ দিছে।