বাম্বলবী বাদুলি, পৃথিৱীৰ আটাইতকৈ সৰু স্তন্যপায়ী প্ৰাণী
আমি সকলোৱে ঘৰত বা চাৰিওফালে বাদুলী দেখিছোঁ। কিন্তু জানে নে বাদুলীৰ এক প্ৰজাতি বাম্বলবী বাদুলি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু স্তন্যপায়ী প্ৰাণী।
গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে ০.০৫ ৰ পৰা ০.০৭ আউন্স ওজনৰ, মুৰৰ পৰা শৰীৰৰ দৈৰ্ঘ্য ১.১৪ ৰ পৰা ১.২৯ ইঞ্চি আৰু ৫.১ ৰ পৰা ৫.২৭ ইঞ্চিৰ ডেউকাৰ, বাম্বলবী বাদুলী- যাক কিটিৰ হগ-নাক যুক্ত বাদুলী বুলিও জনা যায়।
ই হৈছে বিশ্বৰ আটাইতকৈ সৰু স্তন্যপায়ী প্ৰাণী। এই সৰু বাদুলীটো চাবলৈ হʼলে, আপুনি দক্ষিণ-পশ্চিম থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ খোৱাই নই নদীৰ ওপৰত কেইটামান নিৰ্বাচিত চুনশিলৰ গুহা চাব লাগিব।
ইয়াত পৃথিৱীৰ অধিক ক্ষুদ্ৰতম প্ৰাণী আছে যি পৰিৱেশত এক ডাঙৰ ভূমিকা পালন কৰে।