পৃথিৱীৰ সৰ্ববৃহৎ বল পেনটোৰ ওজন আৰু উচ্চতাৰ বিষয়ে জানেনে ?

বৰ্তমান সময়ৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ তালিকাত কলম অন্যতম। পৌৰাণিক কালত চৰাইৰ পাখি আৰু চিয়াঁহীৰ সহায়ত লিখা হৈছিল। বৰ্তমান সময়ত ই কলমৰ ৰূপ পালে। বৰ্তমান সময়ত দেশী বিদেশী বিভিন্ন ডিজাইনৰ কলম ব্যৱহাৰ কৰা হয়। কলমৰ ওপৰতো যে গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ হʼব পাৰে জানে নে।
হায়দৰাবাদৰ বাসিন্দা আচাৰ্য মাকুনুৰি শ্ৰীনিবাস নামৰ ব্যক্তিজনে বিশ্বৰ সৰ্ববৃহৎ বল পেন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। যাৰ ওজন ৩৭ কিলোগ্ৰামতকৈ অধিক বুলি জানিব পৰা গৈছে। এই কলমটো ধৰিবৰ বাবে কেইবাজনো লোকৰ প্ৰয়োজন হয়।
কলমটোৰ বিৱৰণৰ সম্পৰ্কে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰকাশ কৰে যে পৃথিৱীৰ সৰ্ববৃহৎ এই বল পেনৰ দৈৰ্ঘ্য ৫.৫ মিটাৰ বা ১৮ ফুট। কলমটোৰ ওজন ৩৭.২৩ কিলোগ্ৰামতকৈ অলপ বেছি। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে লগতে কয় যে ভাৰতীয় পৌৰাণিক কাহিনীৰ দৃশ্যৰে খোদিত বল পেনটো শ্ৰীনিবাসৰ দ্বাৰা তৈয়াৰ কৰা। কলমৰ পিতলৰ বাহিৰৰ খোলাটোৰ ওজন ন কিলোগ্ৰাম। ২০১১ চনৰ ২৪ এপ্ৰিলত হায়দৰাবাদত মূল্যাঙ্কন কৰাৰ সময়ত শ্ৰীনিবাসৰ সৃষ্টিয়ে পূৰ্বৰ অভিলেখটো ১.৪৫ মিটাৰ বা ৪ ফুট ৯ ইঞ্চিত পৰাস্ত কৰিছিল বুলিও জনায়।