সকলোৰে বাবে ভাল খবৰ, Google translator ত সংযোজিত হʼল অসমীয়া ভাষা ।
Google translator ত সংযোজিত হʼল অসমীয়া ভাষা। এটা দলে দীৰ্ঘদিন ধৰি চলাই থকা প্ৰচেষ্টাৰ অন্তত অৱশেষত Google translator ত স্থান পালে অসমীয়া ভাষাই।
এতিয়া বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰিব আৰু অসমীয়া ভাষা বিভিন্ন ভাষালৈ অনুবাদ কৰিব পাৰিব।
অসম সাহিত্য সভাই এই বিষয়টোৰ বাবে দীৰ্ঘদিন ধৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছিল বুলি সাংবাদিকৰ আগত জানিব দিয়ে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই।
অৱশ্যেই ই সকলোৰে বাবে ভাল খবৰ। বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়নৰ বাবে ভাষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা এতিয়া নাথাকিব। আপুনি বিভিন্ন ভাষাৰ যিকোনো বিষয়ৰ অধ্যয়নৰ সুৱাদ লʼব পাৰিব। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত ই বিশেষ ভাৱে সহায় কৰিব।