হোমেন বৰগোহাঞিৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে “সৰ্বধৰ্ম প্ৰাৰ্থনা সভা” নামেৰে বিশেষ অনুষ্ঠানৰ আয়োজন।
আজি হোমেন বৰগোহাঞিৰ প্ৰথম মৃত্যু বাৰ্ষিকী। বিশিষ্ট সাহিত্যিক, সাংবাদিক, কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণৰ ১ম মৃত্যু বাৰ্ষিকী উপলক্ষে কৰুণাধাৰাৰ উদ্যোগত বিশেষ শ্ৰদ্ধাঞ্জলি অনুস্থানৰ আয়োজন। জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি কাননত “সৰ্বধৰ্ম প্ৰাৰ্থনা সভা” নামেৰে বিশেষ অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানত উপস্থিত আছে কেইবাজনো বিশিষ্ট ব্য়ক্তি।
লখিমপুৰৰ ঢকুৱাখনাৰ এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰা বৰগোহাঞিয়ে ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক সম্পূৰ্ণ কৰি গুৱাহাটীলৈ গৈ উচ্চ শিক্ষাৰ বাবে কটন কলেজত যোগদান কৰে। তেওঁ নিৰুপমা তামুলীক বিয়া কৰাইছিল, যি নিৰুপমা বৰগোহাঞি হিচাপে বিখ্যাত। লেখক দম্পতীহালে “পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস” নামৰ এখন উপন্যাস লিখিছিল, যিখন হৈছে অসমত লিখা প্ৰথম আৰু সম্ভৱতঃ একমাত্ৰ যুটীয়া উপন্যাস।
বৰগোহাঞিয়ে প্ৰথমে অসমীয়া সাপ্তাহিক বাতৰি কাকত “নীলাচল” সম্পাদনা কৰিছিল আৰু পিছত তেওঁ সাপ্তাহিক বাতৰি কাকত “নাগৰিক” সম্পাদনা কৰিছিল। তাৰ পিছত, তেওঁ বাঙালী দৈনিক বাতৰি কাকত “আজকাল”ৰ জ্যেষ্ঠ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৩ চনৰ পৰা ২০১৫ চনলৈ তেওঁ অসম দৈনিক বাতৰি কাকত “আমাৰ অসম” ৰ মুখ্য সম্পাদক আছিল। তাৰ পিছত তেওঁ ২০১৫ চনৰ পৰা মৃত্যুলৈকে “নিয়মিয়া বাৰ্তাৰ” মুখ্য সম্পাদক হিচাপে কাম কৰিছিল।
ভাৰতীয় সমাজত সহিষ্ণুতাৰ অভাৱৰ প্ৰতিবাদত তেওঁ ২০১৫ চনত সাহিত্য একাডেমী বঁটা ঘূৰাই দিছিল। ২০২১ চনৰ ১২ মে’ ত ৮৮ বছৰ বয়সত কোভিড-১৯ৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।