আলফা স্বাধীনত যোগদান উদীয়মান কণ্ঠশিল্পী অভিলেষ বৰা

নিউজ ডেস্ক, ১১ মে’- সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত অব্যাহত আছে অসমীয়া যুৱক-যুৱতীয়ে যোগদান প্ৰক্ৰিয়া।প্ৰায় প্ৰতিদিনে আলফালৈ গৈছে এজনৰ পিছত আন এজন যুৱক।
এইবাৰ পত্নীসহ সন্তানক এৰি আলফা(স্বাঃ)লৈ এগৰাকী কণ্ঠশিল্পী। যুৱকজন মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ অভিলেষ বৰা। ৫ মে’ৰ পৰাই পৰিয়ালৰে যোগাযোগ বিচ্ছিন্ন অভিলেষ বৰাৰ। বন্ধুৰ জৰিয়তে পৰিয়ালৰ লোকে লাভ কৰিছে আলফা(স্বাঃ)লৈ যোৱাৰ খবৰ।
১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত গীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেষৰ। কি পৰিস্থিতিত যুৱকজনে নিষিদ্ধঘোষিত সংগঠনটোলৈ ঢাপলি মেলিলে সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ অভিলেষৰ পিতৃ-মাতৃ আৰু পত্নীয়ে যুৱকজনক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ৷ পূৰ্বে অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱা অভিলেষক ঘৰলৈ ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃ আৰু পত্নীয়ে ৷