আহি আছে অছানি, ৩ ৰাজ্যত হাই এলাৰ্ট

নিউজ ডেস্ক, ১০ মে’- সংহাৰী ৰূপ লৈ ১২০ কি.মি গতিবেগেৰে আহি আছে ঘূৰ্ণী বতাহ অছানি।পূৰ্বতকৈ অতি তীব্ৰতৰ হৈছে ঘূৰ্ণীবতাহৰ গতি। অছানি ঘূৰ্ণী বতাহক লৈ দেশৰ ৩ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে।
অছানিৰ বাবে কেইবাখনো ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমতো পৰিব। সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
১০০ কি.মি বেগেৰে অহা বতাহজাকে পশ্চিমবংগত প্ৰৱেশ কৰিব। পশ্চিমবংগত সোমবাৰৰ পুৱাৰ পৰাই নেৰা-নেপেৰা বৰষুণ হৈছে। এই সাগৰীয় বতাহ অছানিৰ প্ৰৰোক্ষ প্ৰভাৱ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰিব।
উল্লেখ্য যে, অছানিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উৰিষ্যা, পশ্চিমবংগ আৰু অন্ধপ্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে।
ভুুৱনেশ্বৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি উৰিষ্যাৰ গজপতি, গঞ্জাম আৰু পুৰী জিলাত য়েল্লো ৱাৰ্ণিং জাৰি কৰা হৈছে আৰু সাগৰলৈ মাছ মাৰিবলৈ যোৱাত বাধা আৰোপ কৰা হৈছে।
বংগোপ সাগৰত হোৱা প্ৰাকৃতিক ঘটনাৰ বাবে উদ্ভৱ হোৱা অছানি ঘূৰ্ণীবতাহে আন্দামান দ্বীপপুঞ্জৰ প’ৰ্টব্লেয়াৰৰ পৰা ৩৮০ কি.মি পশ্চিমেদি পাৰ হৈ অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ উপকূল অভিমুখে আগবাঢ়িছে।
ধুমুহাই যিকোনো সময়তেই গতিপথ সলনি কৰি বাংলাদেশ আৰু ম্যানমাৰ অভিমুখেও গতি কৰাৰ আশংকা আছে। সেয়ে চুবুৰীয়া ৰাষ্ট্ৰ দুখনতো অছানিক লৈ হাই এলাৰ্ট জাৰি কৰিছে।