নগাঁৱত আৰক্ষীলৈ গুলীচালনা দূধৰ্ষ ড্ৰাগছ ব্যৱসায়ীৰ

নিউজ ডেস্ক ,৬ মে:-এইবাৰ নগাঁৱত ড্ৰাগছ ব্যৱসায়ীয়ে চলালে আৰক্ষীলৈ গুলী, এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ গেৰুৱাত ৷
খাটোৱাল আৰক্ষীয়ে গাঁও ৰক্ষী বাহিনীৰ সহযোগত আটক কৰিছিল গেৰুৱাৰ ৰফিকুল ইছলামক৷ লগতে ড্ৰাগছ ব্যৱসায়ীৰ এ এছ ০২ এছ ০৪৬১ নম্বৰৰ গাড়ীখনো আটক কৰিবলৈ সক্ষম হৈছে ।
দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী জনৰ গাড়ীত উঠি আৰক্ষীৰ দলে অভিযান চলাবলৈ যোৱাৰ সময়তে নিজৰ গাড়ীত লুকুৱাই থোৱা পইন্ট ২২ পিস্তলেৰে আৰক্ষীক গুলিচালনা কৰি পলাই যায় ।
আৰক্ষীয়ে ৰফিকুলৰ গাড়ীখন তালাচী চলাই পইন্ট ২২ পিস্তলটোৰ লগতে এটা মেগজিন , ৩৫ ৰাউণ্ড গুলী উদ্ধাৰ কৰাৰ লগতে নগদ ২৭৫৮০ টকা উদ্ধাৰ কৰে ৷
উল্লেখযোগ্য যে,ৰফিকুল ইছলামে পলায়ন কৰাৰ পিছৰে পৰা খাটোৱাল আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ অন্তত শুকুৰবাৰে পুনৰ ৰফিকুলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
নগাঁৱ আৰক্ষীয়ে জানিব দিয়া মতে, ৰফিকুলক বৰ্তমানে জেৰা অব্যাহত ৰখা হৈছে ৷জেৰাৰ তথ্য ভিত্তিত ডিমাপুৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ৰফিকুল ইছলামে নগাঁৱত বিক্ৰি কৰি আহিছিল ।