Local, Vocal, Global

পুনৰ এনকাউণ্টাৰ, বটদ্ৰৱাৰ চাৰি বছৰীয়া শিশু ধৰ্ষণকাণ্ডৰ মাষ্টাৰমাইণ্ড ইদ্ৰিছ আলীলৈ আৰক্ষীৰ গুলী

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ পাম গাঁৱত যোৱা ১৯ এপ্ৰিলত সংঘটিত হোৱা তিনিবছৰীয়া শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত ইদ্ৰিছ আলীক বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বটদ্ৰৱা আৰক্ষীয়ে ইদ্ৰিছ আলীক আটক কৰিছিল যদিও চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত লেট্ৰিনলৈ যাও বুলি কেইবাবাৰো অনুৰোধ কৰাত আৰক্ষীয়ে শৌচাগাৰত সোমাবলৈ দিছিল আৰু তেতিয়াই পলায়নৰ চেষ্টা কৰে ইদ্ৰিছ আলীয়ে।

ইয়াৰপিছতেই আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়। বাও ভৰিত গুলী লগা ইদ্ৰিছ আলীক বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পটালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, ১৯ এপ্ৰিলৰ দুপৰীয়া ৰামপুৰ গাঁৱৰ এজনী তিনি বছৰীয়া শিশুক আচাৰ খাবলৈ দিম বুলি ফুচুলাই ঘৰত সোমোৱাই এই ঘৃণনীয় কাৰ্য কৰাৰ অভিযোগ কৰিছিল ইদ্ৰিছ আলীৰ বিৰুদ্ধে।