সোণাৰিৰ নামতোলাত লক্ষাধিক টকাৰ ড্ৰাগছসহ দুজনক আটক
নিউজ ডেস্ক, ২০ এপ্ৰিলঃ অসম নগালেণ্ড সীমান্তৱৰ্তী নামতোলাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২ গৰাকী ড্ৰাগছ সৰবৰাহ কাৰী আটক। নামতোলা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় প্ৰায় ২৬০ গ্ৰাম ব্ৰাউন চুগাৰ।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২০ লাখ টকাৰ বুলি জানিব পৰা গৈছে। ১৮ টা চাবোনৰ বাকচত অনা হৈছিল ড্ৰাগছ খিনি।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নাম হৈছে প্ৰকাশ তামাং(১৭) আৰু ফুলমতী তামাং(৫০)। আনহাতে আৰক্ষীৰ অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী কঢ়িয়াই অনা অটো খনৰ ড্ৰাইভাৰ চাজু হুছেইনকো আটক কৰিছে আৰক্ষীয়ে।
সম্প্ৰতি নামতোলা আৰক্ষী থানাত সুধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ পৰা অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা হৈ এই জব্দকৃত নিষিদ্ধ ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা বুলি চৰাইদেউ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।