বিশ্বনাথত গৰু গা ধুৱাবলৈ গৈ মৃত্যু এজনৰ
নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ গৰু বিহুৰ দিনাই বিশ্বনাথ চাৰিআলিত অঘটন। গৰু গা ধুৱাবলৈ গৈ সংঘটিত হয় এই ঘটনা।
বিশ্বনাথ চাৰিআলিৰ গড়হাগী গাঁৱত সংঘটিত হয় এই অঘটন। অজলাসুতি নৈত উটি গ’ল নিতুল কোঁচ নামৰ যুৱকজন।
নিতুল শইকীয়াই গৰু ধোৱাবলৈ গৈ নদীৰ ইপাৰ-সিপাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে নদীৰ কোবাল সোঁতত উটি যায়।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে নাৱেৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। গৰু বিহুৰ দিনাখনে যুৱকজনৰ কৰুণ মৃত্যু হোৱাত গড়হাগী হাঁৱত শোকৰ ছাঁ পৰিছে।