অন্ধপ্ৰদেশৰ কেমিকেল ফেক্টৰীত অঘটন, নিহত ৬ জন
নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ অন্ধ্ৰপ্ৰদেশৰ এটা ৰাসায়নিক কাৰখানত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আঘাতপ্ৰাপ্ত হয়।
এই ঘটনা এলুৰু জিলাৰ আক্কিৰেড্ডিগুডেমত সংঘটিত হয়। ফাৰ্মাচিউটিকেল প্ৰকল্পৰ ইউনিট ৪ ত ১৮ জন ব্যক্তিয়ে কাম কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ছয়জনৰ ভিতৰত চাৰিজন বিহাৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে।
ইপিনে, ৰাসায়নিক কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা কৰাৰ লগতে উদ্ধাৰকাৰী দলো উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰে।
অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে ঘটনাটোত শোক প্ৰকাশ কৰে আৰু মৃতসকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ২৫ লাখ টকা ঘোষণা কৰিছে।
লগতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলৰ বাবে বাবে ৫ লাখ টকা আৰু সামান্য আঘাত প্ৰাপ্ত লোকসকলৰ বাবে ২ লাখ ঘোষণা কৰে। আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।