Local, Vocal, Global

বিহুৰ আনন্দৰ মাজতেই ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ বৰপেটা জিলাৰ সৰভোগৰ কিচমৎ দ্বাৰিকাত গৰু বিহুৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে থিতাতে নিহত হয় দুই বাইক আৰোহী।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাঁহ লোড কৰাৰ বাবে ৰৈ থকা ট্ৰাকত AS14 K 3551 নম্বৰৰ বাইকৰ খুন্দা মাৰি
ঘটনাস্থলীতে নিহত হয় দুই বাইক আৰোহী।

নিহত বাইক আৰোহী অনচুমা ৰামচিয়াৰী(১৮) আৰু মোহা বড়ো (১৮) বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ নলবাৰী জিলাৰ বেঞ্চিমাৰী জোপাগাঁৱত।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই NL01AA4141 নম্বৰৰ ট্ৰাকখন পলায়ন কৰে। স্থানীয় ৰাইজে অভিযোগ কৰে যে, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মজুত ৰখা বাঁহ উঠাবলৈ ৰৈ আছিল ট্ৰাকখন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এনেদৰে ট্ৰাকত বাঁহ লোড কৰাৰ বাবে পথৰ কাষত ৰৈ থকা ট্ৰাকৰ ফলত বহু দূৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, পালেংবাৰীৰ কৰিম নামৰ বাঁহৰ বেপাৰী এজনে প্ৰশাসনক মেনেজ কৰি ৰাষ্ট্ৰীয় ঘাইপথত দুই তিনি বছৰ ধৰি চলাই আছে এই বাঁহৰ ব্যৱসায়।