Local, Vocal, Global

প্ৰাক্তন বিধায়ক অগপ নেতা বিনোদ গোৱালাৰ দেহাৱসান

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাই শেষ নিশ্বাস ত্যাগ কৰে। জি এম চি এইছত মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ।

বুধবাৰে দুপৰীয়া ১২.৪০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনৈতিক নেতাগৰাকীয়ে।

প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল বিনোদ গোৱালা ৷ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ পৰা আনি তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷

উল্লেখ্য যে, বিনোদ গোৱালা চাৰিবাৰকৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক আৰু সীমান্ত উন্নয়ন মন্ত্ৰীও আছিল । সৰুপথাৰ সমষ্টিৰ পৰা ১৯৮৫ চনত নিৰ্দলীয় হিচাপে প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৯১ চনত পুনৰ অগপৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে গোৱালাই ৷ তাৰ পাচত পুনৰ ১৯৯৬ আৰু ২০০৬ চনত বিনোদ গোৱালা বিধানসভালৈ নিৰ্বাচিত হয় ৷

প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবাৰ্তাযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ পৰলোকপ্ৰাপ্তিৰ খবৰটোৱে অতিশয় মৰ্মাহত কৰি তুলিছে।

ইয়াৰোপৰি, অগপ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি দলৰ প্ৰতিজন নেতা-কৰ্মীয়ে গোৱালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।