সুখবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক নতুন নীতিয়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ লগতে আশাৰ খবৰ কঢ়িয়াই আনিছে।
মঙ্গলবাৰে ইউ জি চিৰ মুৰব্বী এম জগদীশ কুমাৰে এই নতুন নীতি অনুসৰি এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব বুলি জনায়।
লগতে ইউ জি চিৰ অধ্যক্ষ এম জগদীশ কুমাৰে কয় যে, শিক্ষাৰ্থীসকলক একসময়তে শাৰিৰীক তথা অনলাইন মোডত দুটা ডিগ্ৰী কাৰ্যসূচী অনুসৰণ কৰিবলে অনুমতি দিয়া হ’ব।
এই সন্দৰ্ভত বিতং নিৰ্দেশনা ইউ জি চিৰ দ্বাৰা শীঘ্ৰেই জাৰি কৰা হ’ব। অধ্যক্ষগৰাকীয়ে লগতে কয় যে, নতুন পদক্ষেপটো ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা প্ৰয়োগ কৰা হ’ব।
বিশ্ববিদ্যালয় অনুদান আয়োগে সংবাদমেলত কয় যে, ” নতুন ৰাষ্ট্ৰীয় নীতিত ঘোষণা কৰা অনুসৰি আৰু শিক্ষাৰ্থীসকলক একাধিক দক্ষতা অৰ্জন কৰিবলৈ অনুমতি দিয়াৰ বাবে ইউজিচিয়ে এজন শিক্ষাৰ্থীক একেলগে দুটা ডিগ্ৰী ল’বলৈ অনুমতি দিবলৈ নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে। ডিগ্ৰীবোৰ একেখন বা বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অনুসৰণ কৰিব পাৰিব।”