বঙাইগাঁৱত ভক্ষণ কৰিলে মানুহে মানুহৰ মাংস
নিউজ ডেস্ক, ১৩ এপ্ৰিল : ৰাজ্যত এক আচৰ্যনক ঘটনা। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱ জিলাৰ ঘিলাগুৰি ৩ নং খণ্ডত।
বঙাইগাঁৱৰ এজন লোকে সংঘটিত কৰিলে এক জঘন্য অমানৱীয় ঘটনা। মানুহ হৈ এজন মানুহৰ মাংস ভক্ষণ কৰি মানবীয়তাৰ চৰম সীমা পাৰ কৰিলে । এই অদ্ভূত ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁৱত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
জানিব পৰা মতে, এই ঘটনা সংঘটিত কৰা লোক জন সুৰামত্ত অৱস্থাত আছিল ।লোকজনৰ নাম সতীশ চন্দ্ৰ ৰায় ঘটনাক্ৰমে অঞ্চলটোৰ স্থানীয় ৰাইজে স্মশানত এজন লোকক অন্তিম সৎকাৰত ব্যস্ত আছিল ।
সেই সময়তে শ্মশানত সুৰামত্ত অৱস্থাত সতীশ চন্দ্ৰ ৰায় নামৰ লোক জন উপস্থিত হয় মৃতদেহটো ভক্ষণ কৰিব লয়।
এই অদ্ভুট ঘটনা প্ৰত্যক্ষ কৰি স্মশানত উপস্থিত থকা লোকসকল আতংকিত হৈ পৰাৰ লগতে স্মশানৰ পৰা পলায়ন কৰে ।
নিচাসক্ত হৈ সতীন্দ্ৰ চন্দ্ৰ ৰায়ে হিতাহিত জ্ঞান হেৰুৱাই মৃতদেহৰ আধা পোৰা মাংস খোৱা বুলি নিজ মুখে স্বীকাৰ কৰিছে ।