অসম অলিম্পিক সন্থাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন
নিউজ ডেস্ক,১৩ এপ্ৰিলঃ কোৰিয়াৰ গয়াঙত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টাইকোৱানডো পোমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰা দুগৰাকী খেলুৱৈ মহাশ্বেতা কাশ্যপ আৰু মৈত্ৰেয়ী শৰ্মাক অসম অলিম্পিক সন্থাই বুধবাৰে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আতঁ ধৰা অনুষ্ঠানটোত ভাৰতীয় দলটোয়ে।
প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰা প্ৰীতম কিশোৰ বৰা আৰু প্ৰতিযোগিতাখনত কৰ্মকৰ্তা হিচাপে ভাগ ল’বলগীয়া অসম টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়। খেলুৱৈ আৰু প্ৰশিক্ষকক অসম অলিম্পিক সন্থাই একোটাকৈ কিট বেগো প্ৰদান কৰে।
উল্লেখ্য, বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপ ১৮ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ৷ আজিৰ অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া হেমন্ত কলিতা, ৰাজীৱ প্ৰকাশ বৰুৱা, বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, ভৱজ্যোতি গোস্বামী, শৈৱল সেনগপ্তা, কিশোৰ জয়ন্ত মাধৱ, অমল নাৰায়ণ পাটোৱাৰী, দেৱজিৎ গগৈ, জেহিৰুল হক, উত্তম ব্ৰহ্ম, প্ৰাঞ্জল বুঢ়াগোহাঁই আদি ব্যক্তিসকল উপস্থিত থাকে।