পুনৰ আলফা স্বাধীনত যোগদান ১৩ জনৰ
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ যুৱক- যুৱতীৰ আলফা(ulfa) স্বাধীনত যোগদান কৰাক লৈ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উজনি আৰু নামনিৰ মুঠ ১৩ গৰাকী যুৱকে বিহুৰ প্ৰাকক্ষণত আলফাৰ শিবিৰত গৈ উপস্থিত হৈছে।
আলফাত যোগদান কৰা ১৩ গৰাকী যুৱক-যুৱতীৰ ভিতৰত গুৱাহাটীৰ হিতেশ ডেকা নামৰ যুৱকজনে ম্যানমাৰলৈ গৈ আলফা স্বাধীনত যোগদান দিয়াৰ সন্দেহ কৰা হৈছে।
পৰেশ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি মঙ্গলবাৰে ১০ জন যুৱকে আলফাৰ ম্যানমাৰস্থিত শিবিৰত গৈ উপস্থিত হৈছে। আলফাত যোগদান কৰা এই যুৱকসকলৰ মাজত দুগৰাকী গুৱাহাটীৰ আৰু ৩গৰাকী যুৱক গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এলেকাৰ বুলি জানিব পৰা গৈছে৷
আনহাতে বকোৰ চমৰিয়াৰ অংকুৰ কলিতাই আলফাত যোগদান কৰাটো নিশ্চিত হৈছে। আলফাত যোগদান কৰা যুৱকসকলৰ ভিতৰত আছে উজনিৰ তিনিচুকীয়াৰ ঋতুৰাজ গোহাঁই, পানীতোলাৰ শুভান্তা দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিস দাস, আজাৰাৰ মৃণ্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেণ বৰা আৰু উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলী।
উল্লেখ্য যে বিগত দিন কেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু অসমীয়া যুৱক-যুৱতী আলফালৈ গমন কৰিছে।