Local, Vocal, Global

জি এম চি এইছত অঘটন, সন্ধানহীন ৭ মহীয়া শিশু

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ গুৱাহাটী মেডিকেল কলেজ হাস্পটাল(GMCH)ত ভয়ংকৰ ঘটনা। শিশু ৱাৰ্ডৰ পৰা সন্ধানহীন হয় এটি শিশু।

৭ মহীয়া শিশুটি হাজোৰ প্ৰিয়ম কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে,পুৱা প্ৰায় ৫ বজাৰ পৰাই সন্ধানহীন হৈ আছে শিশুটি।

২৪ মাৰ্চত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল শিশুটিক। বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল প্ৰিয়ম কলিতা। আজি হাস্পতালৰ পৰা শিশুটিক মুকলি কৰি দিয়াৰ কথা আছিল।

ঘৰলৈ নিয়াৰ পূৰ্বেই আজি পুৱা সংঘটিত হয় এই অঘটন। শিশুটিৰ পিতৃৰ নাম নৱ কলিতা, মাতৃ বিজুমণি দাস। পিতৃ-মাতৃ শুই থকা অৱস্থাত শিশুটিক লৈ উধাও হয় মহিলাগৰাকী।

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিদৰে শিশুটি শিশু ৱাৰ্ডৰ পৰা সন্ধানহীন হ’ল তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰপিছতেই সন্ধানহীন শিশুটিৰ সন্ধান অব্যাহত ৰাখিছে।